About Us

Visionary Education Development Society (VEDS) is committed for Societal Development through educational services. VEDS is associated with esteemed academician from IITs, State Universities and experts from leading industries.Under the guidance and support from these experts, VEDS has taken up various projects in the locality. VED ACADEMY is one of such projects where VEDS  delivers high quality education at HS level  schooling. Moreover special coaching and guidance is provided under the same roof.
In the year 2018, VED Talent Hunt Exam was conducted at Sivasagar, Nazira, Sonari & Sapekhati .

ৱেদ একাডেমীৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৭ বৰ্ষত | এক সম্পূৰ্ণ ব্যতিক্ৰমী চিন্তাধাৰাৰে দুজনমান সমাজ সচেতন ব্যক্তিৰ সহযোগত তেনেই চালুকীয়া অৱস্থাত ঐতিহ্যমণ্ডিত  শিৱসাগৰৰ  বালিঘাট-নাজিৰা সংযোগী পথৰ সমীপত মাত্ৰ ২২ জন ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই যাত্ৰা আৰম্ভ হৈছিল আৰু অতি কম সময়ৰ ভিতৰত, ২০১৯ বৰ্ষত ৱেদ একাডেমীয়ে চৰকাৰী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে  | যোৱা তিনিটা বছৰে ৱেদ একাডেমীৰ নিজস্ব উদ্ভাৱনী শিক্ষণ প্ৰণালী,শিক্ষকৰ শিক্ষায়তনিক দক্ষতা, প্ৰকাশ সাৱলীলতা, প্ৰগতিশীল দৃষ্টিভংগীৰে নিজকে সমাজত এক অনন্য ৰূপত প্ৰক্ষেপ কৰাত সমৰ্থ হৈছে | ৱেদ একাডেমীৰ প্ৰতিজন শিক্ষকেই নিজৰ দায়িত্বৰ প্ৰতি সদা-সচেতন আৰু প্ৰতিজনে শিক্ষকে পাঠ্যক্ৰম শিক্ষাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত প্ৰতিভা,সামাজিক তথা আধ্যাত্মিক শিক্ষাৰ বিকাশতো সমানে গুৰুত্ব আৰোপ কৰি আহিছে | কোনোবা মহান ব্যক্তি এজনে কৈছিল অন্ন , বস্ত্ৰ, বাসস্থানৰ পাচতেই এখন সুস্থ আৰু সবল সমাজৰ বাবে প্ৰয়োজনীয় অহিলাই হৈছে শিক্ষা | কিন্তু যি সময়ত শিক্ষাৰ নামত প্ৰতিযোগিতাৰ নিগনি দৌৰত কিছুমান ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অস্তিত্ব হেৰুৱাৰ উপক্ৰম ঘটিছে, সেই সময়ত ৱেদ একাডেমীয়ে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজস্ব প্ৰতিভাৰে উৎসাহিত কৰি এক সবল আৰু সুস্থ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ মানসিকভাৱে প্ৰস্তুত কৰাত এক উল্লেখনীয় অৱদান আগবঢ়াই আহিছে | আমাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে ৱেদ একাডেমীৰ শিক্ষাৰে অনুপ্ৰাণিত হৈ এজন সুনাগৰিক হিচাবে প্ৰতিষ্ঠা লাভ কৰি সমাজৰ সেৱাত নিজকে উৎসৰ্গিত কৰিব বুলি আমি আশাবাদী |

we are veds

We are delivering

Customized assistance to individual student and mentoring

Coaching and guidance for competitive examination like KVPY NST VVM, Olympiad, CEE IIT-JEE, NEET, NSC, AIIMS, NDA etc.

Creating interest in innovative science projects and. models (Including Robotics and Aeromodelling part of extra curricula activities

Yearly Educational Visit

VED Talent Hunt Exam